প্ৰটিষ্টা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰটিষ্টা
জীৱাশ্ম কাল: Neoproterozoic – Recent
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Eukarya
Excluded groups

Many others;
classification varies

কিছুমান জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন পদ্ধতি অনুসৰি প্ৰটিষ্টবোৰ /ˈprtɨst/ হ'ল সংকোষকেন্দ্ৰীয় অনুজীৱৰ বৃহৎ গোট, যিবিলাক প্ৰটিষ্টা নামৰ জগতৰ অন্তৰ্গত । আধুনিক বৰ্গীকৰণৰ পৰা এই জগৎ খন আঁতৰোৱাৰ চেষ্টা কৰা হৈছে যদিও এতিয়াও ই বহুলভাৱে প্ৰচলিত হৈ আছে ।[1][2][3]আধুনিক বৰ্গীকৰণত ভিন্ন আৰু দুৰ সমন্ধীয় পৰ্ব হিচাপে এই গোটটো পুনঃ পৰিভাষিত কৰিবলৈ আনবিক তথ্য ব্যৱহাৰ কৰা হয় । বৰ্তমান প্ৰটিষ্টাক, বিবৰ্তনিক ভাৱে ওচৰ সমন্ধীয় নোহোৱা, ভিন্ন জীৱন চক্ৰ, পোষণৰ স্তৰ, চলনৰ প্ৰকাৰ আৰু কোষীয় গঠনৰ অসম পৰ্ব (diverse phyla) হিচাপে বিবেচনা কৰা হয় ।[4][5]প্ৰটিষ্টবোৰ এককোষী বা বিশেষ কলাহীন বহুকোষী, আৰু এই সৰল কোষীয় সংঘই প্ৰটিষ্টবোৰক ভেঁকুৰ, প্ৰাণী আৰু উদ্ভিদৰ দৰে অন্য সংকোষকেন্দ্ৰীয় জীৱবোৰৰ পৰা পৃথক কৰিছে ।

প্ৰটিষ্টা পদটো প্ৰথম আৰ্নষ্ট হেকেলে ১৮৬৬ চনত ব্যৱহাৰ কৰিছিল । পৰম্পৰাগতভাৱে প্ৰটিষ্টবোৰক উচ্চ জগতৰ সাদৃশ্যৰ ওপৰত ভিত্তি কৰি কেইবাটাও গোটত ভাগ কৰা হৈছে: এককোষী প্ৰাণী সদৃশ "প্ৰ'ট'য'ৱা, উদ্ভিদ সদৃশ "প্ৰ'ট'ফাইটা, ( বেছিভাগ এককোষী শেলাই ), আৰু ভেকুঁৰ সদৃশ স্লাইম মল্ড (slime mold) আৰু ৱাটাৰ মল্ড (water mold) । এই চুপাৰফিচিয়েল কমনেলিটিজৰ (superficial commonalities) ওপৰত ভিত্তি কৰি গঠন কৰা পৰম্পৰাগত উপবিভাগবোৰৰ বেছিভাগেই , ফাইল'জেনেটিক ( জীৱৰ মাজৰ বিৱৰ্তনিক সম্পৰ্ক )ৰ ওপৰত ভিত্তি কৰি কৰা শ্ৰেণীবিভাজনেৰে প্ৰতিস্থাপন কৰা হৈছিল ।বহুতো প্ৰটিষ্টৰ গঠন আৰু পৰিস্থিতি বৰ্ণনা কৰিবলৈ এতিয়াও পুৰনা পদবোৰ অনানুষ্ঠানিক নাম হিচাপে ব্যৱহাৰ কৰা হয় ।

পানী থকা সকলো পৰিৱেশতে প্ৰটিষ্টবোৰ জীয়াই থাকিব পাৰে । শেলাইৰ দৰে বহুটো প্ৰটিষ্টে, সালোক সংশ্লেষন কৰে আৰু পৰিৱেশ তন্ত্ৰৰ বিশেষকৈ সাগৰত প্লাংটনৰ (plankton) এটা অংশৰ দৰে প্ৰাথমিক উৎপাদক। প্ৰটিষ্টাৰ বহু প্ৰজাতি বিভিন্ন ৰোগৰ কাৰক বুলি চিনাক্ত কৰা হৈছে । যেনে - মেলেৰিয়া সৃষ্টিকাৰি এপিকমপ্লেক্সান প্লাছম'ডিয়াম (apicomplexan Plasmodium)।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. PMID 14601411 (PubMed)
    Citation will be completed automatically in a few minutes. Jump the queue or expand by hand
  2. doi:10.1371/journal.pone.0080618
    This citation will be automatically completed in the next few minutes. You can jump the queue or expand by hand
  3. doi:10.1371/journal.pone.0077044
    This citation will be automatically completed in the next few minutes. You can jump the queue or expand by hand
  4. Simonite T (November 2005). "Protists push animals aside in rule revamp". Nature খণ্ড 438 (7064): 8–9. doi:10.1038/438008b. PMID 16267517. 
  5. Harper, David; Benton, Michael (2009). Introduction to Paleobiology and the Fossil Record. Wiley-Blackwell. পৃষ্ঠা. 207. ISBN 1-4051-4157-3.