উদ্ভিদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উদ্ভিদ
জীৱাশ্ম কাল: প্ৰাৰম্ভিক কেমব্ৰিয়ানৰ পৰা এতিয়ালৈকে, ৫২০–০ নিযুত বছৰ
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
(অশ্ৰেণীকৃত): Archaeplastida
জগৎ/ৰাজ্য: Plantae
হেকেল (Haeckel), 1866[1]

উদ্ভিদবোৰ (Viridiplantae in Latin) হ'ল, জগৎ উদ্ভিদৰ অন্তৰ্গত কিছুমান বহুকোষী, সংকোষকেন্দ্ৰীয় জীৱ । সপুষ্পক উদ্ভিদ, নগ্নবীজী উদ্ভিদ, ঢেকীয়া, মছ, সেউজ শেলাই আদি উদ্ভিদ জগতৰ অন্তৰ্গত । ভেঁকুৰ, আৰ্কিয়া আৰু বেক্টেৰিয়াক উদ্ভিদ বুলি ধৰা নহয় । সেউজীয়া উদ্ভিদবোৰৰ ছেলুলজেৰে গঠিত কোষবেৰ থাকে আৰু ক্ল'ৰফিলৰ সহায়ত সালোক সংশ্লেষণৰ জৰিয়তে শক্তি আহৰণ কৰে । উদ্ভিদৰ পাতে সেউজীয়া ৰঙটো, সিহঁতৰ ক্লৰপ্লাষ্টত থকা ক্ল'ৰফিল এ আৰু ক্ল'ৰফিল বিৰ পৰা পায় । কিছুমান উদ্ভিদে প্ৰয়োজনীয় ক্ল'ৰফিল উৎপাদন কৰিব নোৱাৰা বা সালোক সংশ্লেষণ কৰিবলৈ অপৰাগ হোৱাৰ বাবে পৰপোষী হৈ জীৱন নিৰ্বাহ কৰে । পৰিবৰ্তিত প্ৰজন্মসমুহত যদিও অযৌন প্ৰজনন দেখা যায়, যৌন প্ৰজনন উদ্ভিদৰ এটা সাধাৰণ বৈশিষ্ট ।

উদ্ভিদৰ প্ৰায় ৩০০–৩১৫ হাজাৰ প্ৰজাতিৰ ভিতৰত, অধিক সংখ্যকেই, প্ৰায় ২৬০–২৯০ হাজাৰেই বীজ উৎপন্ন কৰা উদ্ভিদ । পৃথিৱীৰ পৰিৱেশতন্ত্ৰৰ মুঠ আনৱিক অক্সিজেনৰ সৰহ ভাগেই সেউজীয়া উদ্ভিদে উপলব্ধ কৰায় । মানুহৰ প্ৰধান খাদ্য শস্য, ফলমূল আৰু শাক-পাচলি উদ্ভিদৰ পৰাই উৎপন্ন হয় । উদ্ভিদক অলংকাৰ হিচাপেও ব্যৱহাৰ কৰা হৈছিল আৰু বহু সমাজত ঔষধ আৰু চিকিৎসাৰ বাবেও ব্যৱহাৰ কৰে । উদ্ভিদ সম্পৰ্কে প্ৰণালীবদ্ধ অধ্যয়নক জীৱ বিজ্ঞানৰ এটা শাখা, উদ্ভিদ বিজ্ঞান বুলি কোৱা হয় ।

উদ্ভিদ জগতৰ বিভাগসমুহ[সম্পাদনা কৰক]

উদ্ভিদজগতক ১২টা বিভাগত ভাগ কৰা হৈছে ।

বিভাগ অৰ্থ সাধাৰণ নাম চাৰিত্ৰিক বৈশিষ্ট
Chlorophyta - শেলাই -
Charophyta - শেলাই -
Anthocerotophyta এন্থ'চেৰছ-সদৃশ উদ্ভিদ শিঙৰ দৰে শিপা শিঙাল স্পৰ'ফাইট, সংবহন তন্ত্ৰ নাই
Bryophyta ব্ৰাইম-সদৃশ উদ্ভিদ, মছ উদ্ভিদ মছ স্থায়ী শাখাহীন স্পৰ'ফাইট, সংবহন তন্ত্ৰ নাই
Marchantiophyta হেপাট'ফাইটা মাৰ্কেনচিয়া-সদৃশ উদ্ভিদ,যকৃৎ উদ্ভিদ যকৃৎ শিপা অস্থায়ী শাখাহীন স্পৰ'ফাইট, সংবহন তন্ত্ৰ নাই
Lycopodiophyta, লাইক'ফাইটা লাইক'পডিয়াম-সদৃশ উদ্ভিদ
লাইকেন
লাইকেন মাইক্ৰ'ফিল পাত, সংবহন তন্ত্ৰ
Pteridophyta টেৰিছ-সদৃশ উদ্ভিদ, ঢেকীয়া ঢেকীয়া প্ৰথেলামাছ গেমেট'ফাইট, সংবহন তন্ত্ৰ
Pinophyta,শংকুধাৰী পাইন-সদৃশ উদ্ভিদ
শংকুধাৰী উদ্ভিদ
সৰল গছ শংকুবীজ থাকে আৰু কাঠ ট্ৰেকিডেৰে গঠিত
Cycadophyta চাইকাছ-সদৃশ উদ্ভিদ, প্লাম-সদৃশ উদ্ভিদ চাইকেডছ বীজ, যৌগিক পত্ৰৰ মুকুট
Ginkgophyta গিংকগ'-সদৃশ উদ্ভিদ গিংকগ', মেইডেনহেয়াৰ ফলহীন বীজ (একমাত্ৰ জীৱিত প্ৰজাতি)
Gnetophyta গ্নেটাম-সদৃশ উদ্ভিদ গ্নেট'ফাইট বীজ আৰু নলীকাযুক্ত কাষ্ঠিক সংবহন তন্ত্ৰ
মেগনলিঅ'ফাইটা /Anthophyta সপুষ্পক উদ্ভিদ সপুষ্পক উদ্ভিদ, এংজিঅ'স্পাৰ্ম ফুল আৰু ফল, নলীকাযুক্ত সংবহন তন্ত্ৰ
মুঠ: ১২

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Haeckel G (1866). Generale Morphologie der Organismen. প্ৰকাশক Berlin: Verlag von Georg Reimer. পৃষ্ঠা. vol.1: i–xxxii, 1–574, pls I–II; vol. 2: i–clx, 1–462, pls I–VIII.