www.fgks.org   »   [go: up one dir, main page]

সমললৈ যাওক

মাৰ্টিন লুথাৰ কিং, কনিষ্ঠ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মাৰ্টিন লুথাৰ কিং, অনুজ
জন্ম মাইকেল কিং, অনুজ
১৫ জানুৱাৰী, ১৯২৯
আটলাণ্টা, জৰ্জিয়া, আমেৰিকা
মৃত্যু ৪ এপ্ৰিল, ১৯৬৮ (৩৯ বছৰ)
মেম্ফিচ, টেনচী, আমেৰিকা
শিক্ষা মুৰহাউচ কলেজ, ক্ৰ্'জাৰ থিয়'ল'জিকেল চেমিনাৰী, ব'ষ্ট'ন বিশ্ববিদ্যালয়
প্ৰভাৱ যীশু, আব্ৰাহাম লিংকন, মহাত্মা গান্ধী, বেঞ্জমিন মেইচ্, লিও টলষ্টয়
ৰাজনৈতিক আন্দোলন আফ্ৰিকিয়-আমেৰিকান গন অধিকাৰ আন্দোলন, শান্তি আন্দোলন
দাম্পত্যসঙ্গী ক'ৰেট্টা স্কট কিং
পিতৃ-মাতৃ মাৰ্টিন লুথাৰ কিং, চিনিয়'ৰ
এলবাৰ্টা ৱিলিয়ামচ কিং
সন্তান য়'লাণ্ডা কিং
মাৰ্টিন লুথাৰ কিং ,৩য়
ডেস্কটাৰ স্কট কিং
বাৰ্নিচ কিং
বঁটা, সন্মান, পুৰস্কাৰ আদি শান্তিৰ নোবেল বঁটা (১৯৬৪)
স্বাক্ষৰ

আমেৰিকান পাদ্ৰী মাৰ্টিন লুথাৰ কিং, অনুজ আছিল একাধাৰে সক্ৰিয় কৰ্মী, আফ্ৰিকীয়-আমেৰিকান গণ অধিকাৰ আন্দোলনৰ আগশাৰীৰ নেতা। তেওঁক বিশেষকৈ আমেৰিকা যুক্তৰাষ্ট্ৰ তথা সমগ্ৰ বিশ্বতে গণ অধিকাৰৰ বিষয়ে সজাগতা অনাৰ বাবে জনা যায়। মহাত্মা গান্ধীৰ অহিংস নীতিয়ে তেওঁক প্ৰভাৱিত কৰে আৰু নিজ কৰ্মপদ্ধতিতো ইয়াৰ প্ৰয়োগ কৰে।[1]

এজন ব্যাপ্তিষ্ট পাদুৰি কিঙে কৰ্মজীৱনৰ আৰম্ভণিতেই এজন সক্ৰিয় গন-অধিকাৰ কৰ্মী হৈ পৰে। ১৯৫৫ চনত তেওঁ মণ্টগোমাৰী বাচ বয়্কটত নেতৃত্ব দিয়ে। তেখেতৰ চেষ্টাতেই বিখ্যাত ৱাচিংটনৰ সমদল হয়। ইয়াতে তেওঁ “মোৰো এটি সপোন আছে (I have a dream)” ভাষণটি দিয়ে। এই ভাষণৰ বাবেই তেওঁক আমেৰিকাৰ সৰ্বোকৃষ্ট বক্তাসকলৰ এজন বুলি কোৱা হয় আৰু তেখেতে এজন গন-অধিকাৰ সংগ্ৰামী হিচাপে খ্যাতি লাভ কৰে।

বৰ্ণবৈষম্যৰ বিৰুদ্ধে কৰা অহিংস সংগ্ৰামৰ বাবে ১৯৬৪ চনৰ শান্তিৰ নোবেলেৰে মাৰ্টিন লুথাৰ কিঙক সন্মানিত কৰা হয়। ইয়াৰ পাচতো কিঙে দাৰিদ্ৰ আৰু ভিয়েটনাম যুদ্ধৰ বিপক্ষে যুঁজে।

৪ এপ্ৰিল ১৯৬৮ ত টেনচীত মাৰ্টিন লুথাৰ কিং আততায়ীৰ হাতত মৃত্যুবৰণ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰত এই দিনটোতে মাৰ্টিন লুথাৰ কিং দিৱস পালন কৰি তেখেতলৈ সন্মান জনোৱা হয়।

চমু জীৱনী[সম্পাদনা কৰক]

শিক্ষা আৰু জীৱনৰ আগচোৱা[সম্পাদনা কৰক]

১৫ জানুৱাৰী ১৯২৯ত আটলাণ্টা চহৰত মাৰ্টিন লুথাৰ কিং অনুজৰ জন্ম হয়। পিতৃ মাৰ্টিন লুথাৰ কিং অগ্ৰজ আৰু মাতৃ এলবাৰ্টা ৱিলিয়ামচ কিং।

সৰুকালত কিং নানান খ্ৰীষ্টিয় বিশ্বাসৰ ওপৰত সন্দেহী আছিল। কিন্তু পাচলৈ তেওঁৰ ভাৱ হয় যে বাইবেল বহুতো গভীৰ সত্যৰ ভঁৰাল আৰু ছেমিনাৰীত যোগদান কৰে।

আটলাণ্টাত ডাঙৰ-দীঘল হোৱা কিঙে বুকাৰ টি ৱাচিংটন হাইস্কুলত শিক্ষা লাভ কৰে। ১৫ বচৰ বয়সতে তেওঁ মুৰহাউচ মহাবিদ্যালয়ত নামভৰ্তি কৰে আৰু ১৯৪৮ চনত সমাজ তত্ত্বৰ স্নাতক উপাধি লাভ কৰে। ইয়াৰ পাচত তেওঁ ক্ৰ্'জাৰ থিয়'ল'জিকেল চেমিনাৰী পেনচিলভেনিয়াৰ পৰা ঈশ্বৰত্বৰ স্নাতক উপাধি লাভ কৰে।

১৯৫৩ চনৰ ১৮ জুনত কিং আলাবামাত ক'ৰেট্টা স্কটৰ সৈতে বিৱাহ পাশত আবদ্ধ হয়। তেওঁলোকৰ চাৰিটি সন্তানৰ জন্ম হয় ক্ৰমে য়'লাণ্ডা কিং, মাৰ্টিন লুথাৰ কিং ৩য়, ডেস্কটাৰ স্কট কিং, বাৰ্নিচ কিং।

১৯৫৪ চনত তেওঁ দেক্সতাৰ পথৰ ব্যাপ্তিষ্ট গিৰ্জা, মণ্টগোমাৰীৰ পাষ্ট’ৰ নিযুক্ত হয়। কিঙে ব’ষ্ট’ন বিশ্ববিদ্যালয়ত প্ৰণালীবদ্ধ ঈশ্বৰতত্ত্বৰ ডক্টৰেটৰ বাবে অধ্যয়ন কৰে আৰু ১৯৫৫ চনত দৰ্শনৰ ডক্টৰেট লাভ কৰে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. D'Souza, Placido P. "gandhis_influence". http://articles.sfgate.com/2003-01-20/opinion/17474454_1_nonviolence-philosophy-king। আহৰণ কৰা হৈছে: December 25, 2011. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]